পুনৰবাৰ চৰ্চাত মণিপুৰ! জুলাই মাহতেই নিখোঁজ হোৱা দুই শিক্ষাৰ্থীক হত্যা; সামাজিক মাধ্যমত ভাইৰেল ফটো.......

Manipur

সুদীৰ্ঘ চাৰি মাহৰ পাছত মণিপুৰত ইণ্টাৰনেট সেৱা পুনৰুদ্ধাৰ হোৱাৰ পাছতে পোহৰলৈ আহিছে আন এক শিহৰণকাৰী ঘটনা। অশান্ত জৰ্জ মণিপুৰত বিগত জুলাই মাহতে নিৰুদ্দেশ হৈছিল দুই শিক্ষাৰ্থী। 

উল্লেখ্য যে, দীৰ্ঘদিন ধৰি দুই শিক্ষাৰ্থী সন্ধানহীন হৈ থকাৰ পাছত ইণ্টাৰনেট সেৱা আৰম্ভ হোৱাৰ পিছতে তেওঁলোক দুয়োৰে মৃতদেহৰ ছবি পোহৰলৈ আহিছে। ছ'চিয়েল মিডিয়াত ভাইৰেল ফটোখনত শিক্ষাৰ্থী দুজনৰ মৃতদেহ দেখা যোৱাৰ লগতে আন এখন ফটোত পিছফালে দুজন অস্ত্ৰধাৰী লোকৰ সৈতে আতংকত বহি থকা দেখা গৈছে। 

manipur

এই শিহৰণকাৰী ঘটনাৰ সন্দৰ্ভত মণিপুৰ চৰকাৰৰ ফালৰ পৰা জনোৱা হৈছে যে, দুই শিক্ষাৰ্থীৰ এই মৃত্যুৰ ঘটনাৰ তদন্ত কৰিব ৰাজ্যৰ আৰক্ষী আৰু কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই। এই দুখন ফটো ভাইৰেল হৈ পৰাৰ পাছতে পুনৰ মণিপুৰক লৈ দেশজুৰি চৰ্চা আৰম্ভ হোৱাৰ সমান্তৰালকৈ ঘটনাক সকলোৱে নিন্দা কৰিছে।

আনহাতে, নিহত ছাত্ৰ গৰাকীৰ নাম হিজাম লিন্থোইংগাম্বী আৰু তেওঁৰ বয়স ১৭ বছৰ আছিল বুলি জানিব পৰা গৈছে; ছাত্ৰী গৰাকীৰ নাম ফিজাম হেমজিৎ আৰু তাইৰ বয়স ২০ বছৰ আছিল বুলিও জানিব পৰা গৈছে। এই দুয়োজন শিক্ষাৰ্থী মেইটেই সম্প্ৰদায়ৰ আছিল বুলি জানিব পৰা গৈছে। এই দুই ছাত্ৰক বিদ্ৰোহীয়ে হত্যা কৰিছে বুলি অনুমান কৰা হৈছে।অৱশ্যে এই পৰ্যন্ত তেওঁলোকৰ হত্যাকাৰীক চিনাক্ত কৰিব পৰা নাই। 

manipur

জানিব পৰা মতে জুলাই মাহতেই নিখোঁজ হৈছিল এই দুই শিক্ষাৰ্থী। দুয়োৰে সন্ধান বিচাৰি অভিযান চলোৱাৰ সময়ত স্থানীয় চিচি টিভি কেমেৰাত তেওঁলোক দুয়োকে দেখা পোৱা গৈছিল যদিও কোনো সন্ধান উলিয়াব পৰা নগৈছিল।

বৰ্তমান মণিপুৰ প্ৰশাসনে প্ৰকাশ কৰা অনুসৰি ভাইৰেল হোৱা ফটোৰ পাছফালে অস্ত্ৰলৈ ৰৈ থকা দুই দুৰ্বৃত্তক বিশেষ চাইবাৰ ফৰেনিছিক পৰীক্ষাৰ দ্বাৰা চিনাক্ত কৰাৰ ব্যৱস্থা কৰা হ’ব। আনহাতে, ৰাজ্যবাসীৰ ইচ্ছা অনুসৰি এই ঘটনাৰ তদন্ত চি বি আইৰ হাতত তুলি দিয়া হৈছে। ইয়াৰোপৰি ৰাজ্যৰ আৰক্ষীয়েও তদন্ত চলাই আছে। দুই দুৰ্বৃত্তৰ পৰিচয় উদ্ধাৰ কৰিবলৈ তদন্তকাৰীসকলে চেষ্টা অব্যাহত ৰাখিছে। সেয়েহে সৰ্বসাধাৰণক শান্ত হৈ থাকিবলৈ আহ্বান জনাইছে ৰাজ্য প্ৰশাসনে।

Category
Profile picture for user UB Photos