এছিয়ান গেমছত ভাৰতৰ প্ৰথমটো স্বৰ্ণ জয়, শ্বুটিঙত বিশ্ব অভিলেখ গঢ়িলে ৩ ভাৰতীয়.....

INDIA

চীনত চলি থকা এছিয়ান গেমছত ভাৰতে প্ৰথমটো স্বৰ্ণ পদক জয় কৰিবলৈ সক্ষম হয়। ১০ মিটাৰ এয়াৰ ৰাইফল শ্বুটিঙত ভাৰতীয় দলে স্বৰ্ণ পদক লাভ কৰে। পুৰুষৰ দলীয় শাখাত সোণৰ পদক লাভ কৰিবলৈ সক্ষম হয় ভাৰত।

Asian

উল্লেখ্য যে, ৰুদ্ৰাংক্ষ পাটিল,ঐশ্বৰী প্ৰতাপ সিং আৰু দিব্যাংশ সিঙে স্বৰ্ণ পদক লাভ কৰে। ১৮৯৩.৭ পইণ্টেৰে বিশ্ব ৰেকৰ্ড ভাৰতীয় দলৰ। এই পদক জয়ৰে ভাৰতৰ পদক সংখ্যা ৯টালৈ বৃদ্ধি পায়।

সম্প্ৰতি ভাৰতে ১টা সোণ,৩টা ৰূপ আৰু ৫টা ব্ৰঞ্জ পদক লাভ কৰি তালিকাৰ সপ্তম স্থানত আছে। 

Asian

আনহাতে আজি মহিলা ক্ৰিকেটৰ ফাইনেলত ভাৰতীয় দল। ফাইনেলত শ্ৰীলংকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব ভাৰত। দিনৰ ১১.৩০ বজাৰ পৰা অনুষ্ঠিত হয় এই  ফাইলেন মেচখন।
 

Category
Profile picture for user UB Photos