চলন্ত গাড়ীত ১৪ বছৰীয়া কিশোৰীক দলৱদ্ধ ধৰ্ষণ, গ্ৰেপ্তাৰ দুই অভিযুক্ত.......

Rape Case

পুনৰ এবাৰ ধৰ্ষণকাণ্ডই জোকাৰিছে সমগ্ৰ দেশ। চলন্ত টেক্সিৰ ভিতৰত এগৰাকী কিশোৰীক দলৱদ্ধ ধৰ্ষণৰ ঘটনা পোহৰলৈ অহাৰ পিছতে গাৰ নোম শিয়ৰি উঠিছে সকলোৰে। ঘটনাটো সংঘটিত হোৱা কেইঘন্টামানৰ ভিতৰতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ধৰ্ষণৰ সৈতে জড়িত দুই অভিযুক্তক।

এই ঘৃণনীয় ধৰ্ষণ কাণ্ডটো সংঘটিত হৈছে মহাৰাষ্ট্ৰৰ ৰাজধানী মুম্বাইত। মুম্বাইৰ মালাদ আৰু দাদাৰৰ মাজত সংঘটিত এই ঘটনাটো। আৰক্ষীয়ে জনোৱা মতে, কিশোৰী গৰাকীয়ে ঘৰৰ মানুহৰ ওপৰত কিবা কথাত খং কৰি অকলে বাহিৰলৈ ওলাই যায় আৰু সেই সুযোগতে দুজন লোকে কিশোৰী গৰাকীক টেক্সিত উঠাই নি ধৰ্ষণ কৰে। দলৱদ্ধ ধৰ্ষণত দুজন অভিযুক্তৰ ভিতৰত এজন টেক্সিখনৰ চালক আৰু আন এজন যুৱক আছিল বুলি জানিব পৰা যায়।

rape

জানিব পৰা মতে ১৪ বছৰীয়া কিশোৰীগৰাকীয়ে খঙত ঘৰৰ পৰা মালৱানী অঞ্চলৰ এজন আত্মীয়ৰ ঘৰলৈ যাবলৈ ওলাই গৈছিল। এজন টেক্সি চালকে ছোৱালীজনীক অকলে দেখি কোনফালে যাব বুলি সুধিছিল। তেনেকৈয়ে মালৱানীত থৈ অহা প্রতিশ্রুতি দি টেক্সিত উঠাই আন এজন যুৱকেৰে মিলি কিশোৰীগৰাকীক উপৰ্যুপৰি ধৰ্ষণ কৰে।

ইফালে কিশোৰীগৰাকী ঘৰৰ পৰা পলাই যোৱা দেখি পৰিয়ালৰ লোকে আৰক্ষীক এজাহাৰ দিয়ে। সেই অভিযোগ পোৱাৰ পিছতে মুম্বাই আৰক্ষীয়ে কিশোৰীগৰাকীক বিচাৰি অনুসন্ধান আৰম্ভ কৰে। চিচিটিভিৰ ফুটেজৰ ভিত্তিত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে। আৰক্ষীয়ে মালাদ অঞ্চলত সন্ধানত থকা কিশোৰীগৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

rape

তাৰ পিছত কিশোৰীগৰাকীয়ে আৰক্ষীক জনোৱা মতে, টেক্সিত দুজন লোকে তেওঁক দলবদ্ধ ধৰ্ষণ কৰিছিল। ইয়াৰ পিছতে আৰম্ভ হ'ল টেক্সিৰ সন্ধান। কেইঘণ্টামানৰ ভিতৰতে আৰক্ষীয়ে টেক্সিখনৰ লগতে টেক্সি চালকজনকো গ্ৰেপ্তাৰ কৰে। ইয়াৰ পিছতে আনজন অভিযুক্তকো গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

এই ফটনাৰ সন্দৰ্ভত ভাৰতীয় দণ্ডবিধিৰ ৩৭৬ ধাৰা আৰু POCSO আইনৰ অধীনত এটা গোচৰ ৰুজু কৰা হৈছে। আৰক্ষীয়ে জনৱা মতে, আদালতে অভিযুক্তক ২৫ ছেপ্টেম্বৰলৈকে আৰক্ষীৰ জিম্মাত ৰখাৰ নিৰ্দেশ দিছে।

Category
Profile picture for user UB Photos