এইবাৰ অসমতে অসমীয়াৰ স্বাভিমানক অপমান! হোটেল ৰেডিচন ব্লুত বিকৃতৰূপত উপস্থাপন বিহু নৃত্য......

Bihu

পুনৰ এবাৰ জাতীয় উৎসৱ বিহু নৃত্যক লৈ হ'ল বিতৰ্ক। এইবাৰ অন্য ঠাইত নহয়, এইবাৰ অসমতে বিহুৰ বিকৃতকৰণ। গুৱাহাটীৰ জালুকবাৰীস্থিত হোটেল ৰেডিচন ব্লুত অনুষ্ঠিত হৈছিল এক অনুষ্ঠান। এটা ব্যক্তিগত কোম্পানীৰ উদ্যোগত অনুষ্ঠিত এই অনুষ্ঠানত বিহুক বিকৃতকৰণ কৰি দৃষ্টিকটুভাৱে প্ৰদৰ্শন কৰা হৈছিল।

bihu

উল্লেখ্য যে, অসমতে বিহুক কৰা অপমান কৰাক লৈ জালুকবাৰী আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে বিজেপিৰ কামৰূপ মহানগৰ জিলা সমিতিয়ে। বিহুক অপমান কৰা কাৰ্যক গৰিহণা জালুকবাৰী নাগৰিক কমিটীৰ। চৰকাৰক এই ক্ষেত্ৰত কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে নাগৰিক কমিটীৰ বিষয়ববীয়াই।

bihu

উল্লেখযোগ্য যে, কলকাতাৰ নৃত্যৰ দল এটাই গুৱাহাটীত বিকৃতভাৱে প্ৰদৰ্শন কৰিছিল বিহু নৃত্য। বাৰে বাৰে বিহুক অপমান কৰাক লৈ ক্ষোভত বিমূৰ হৈ পৰিছে সচেতন সমাজ নাগৰিকসকল। যাক লৈ ছচিয়েল মিডিয়াতো সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।

Category
Profile picture for user UB Photos