ঘৰৰ পৰিয়ালৰ লগতে আক্ৰোশৰ বলি পোহনীয়া কুকুৰ কেইটাও! পতি-পত্নীসহ দুই সন্তানক হত্যা কৰি মাৰি পেলালে ৩তাকৈ কুকুৰক......

America

গাৰ নোম শিয়ৰি উঠা ঘটনা! এক জঘন্য হত্যাকাণ্ডই জোকাৰি তুলিছে আমেৰিকান চহৰ চিকাগো। চিকাগো চহৰত বাস কৰা এটা পৰিয়ালক কোনো অজ্ঞাত দুৰ্বৃত্তই গুলীয়াই হত্যা কৰি থৈ যায়। পৰিয়ালটোক শেষ কৰাৰ লগতে ঘৰৰ পোহনীয়া কুকুৰ ৩টাকো হত্যা কৰে আততায়ীয়ে।

খবৰ অনুসৰি, দেওবাৰে নিশা প্ৰায় ৮.৪০ বজাত এক কল্যাণমূলক পৰীক্ষাৰ বাবে পৰিয়ালটোৰ ঘৰত উপস্থিত হৈছিল ৰোমিঅ'ভিল আৰক্ষী। আৰু তেতিয়াই ঘৰৰ ভিতৰত দম্পতীহালৰ লগতে উদ্ধাৰ কৰা হয় সন্তান দুটিৰো মৃতদেহ। আৰক্ষীয়ে জনোৱা মতে, পৰিয়ালটোক শনিবাৰে নিশাৰ পৰা দেওবাৰে পুৱাৰ ভিতৰত আততায়ীয়ে বৰ্বৰতাৰে হত্যা কৰিছে।

america

নিহত দম্পতীহালৰ নাম আলবাৰ্টো ৰ'লন, জোৰাইডা বাৰ্ট'লমেই আৰু তেওঁলোকৰ দুটি সন্তান ক্ৰমে ১০ বছৰীয়া এড্ৰিয়েল আৰু ৭ বছৰীয়া ডিয়েগোৰ লগতে তিনিটা কুকুৰক গুলীয়াই হত্যা কৰা বুলি আৰক্ষীয়ে সদৰি কৰে।

আৰক্ষীয়ে এই ঘটনাক আত্মহত্যা হিচাপে গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছে আৰু হত্যাকাণ্ড হিচাপেই ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে বুলি জানিবলৈ দিয়ে। ঘটনা সন্দৰ্ভত এই পর্যন্ত কোনো সন্দেহজনক অভিযুক্তক গ্ৰেপ্তাৰ কৰা নাই বুলি আৰক্ষীয়ে লগতে জানিবলৈ দিছে।

Category
Profile picture for user UB Photos