অসমত পুনৰ ১ লাখ নিবনুৱাক নিযুক্তি দিয়া হ’ব। অহা ৩ বছৰৰ ভিতৰত দিয়া হ’ব এই ১ লাখ চাকৰি। এই ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। ছত্তীশগড়ত এখন ৰাজহুৱা সভাত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিলে এই গুৰুত্বপূৰ্ণ ঘোষণা।
উল্লেখ্য যে, অসমত বিজেপি চৰকাৰে স্বচ্ছ আৰু নিকা পদ্ধতিৰে ১ লাখ চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি প্ৰায় পূৰণ হোৱাৰ দিশত। এইবাৰ পুনৰ ১ লাখ চাকৰি দিয়াৰ কথা ঘোষণা কৰিলে খুদ মুখ্যমন্ত্ৰীয়ে।
মঙলবাৰে ছত্তীশগড়ৰ নৱগড়ত অনুষ্ঠিত এক বিশাল ৰাজহুৱা সভাত ষ্টাৰ কেম্পেইনাৰ হিচাপে অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, ‘‘আঢ়ৈ বছৰ পূৰ্বে যেতিয়া অসমত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হৈছিল, সেই সময়ত চৰকাৰ গঠন হ’লেই ১ লাখ নিবনুৱাক নিযুক্তি দিব বুলি প্ৰতিশ্ৰুতি দিছিল। সেই সময়ত ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলাই অসমত নিৰ্বাচনী প্ৰচাৰ চলাই কৈছিল – সেয়া অসম্ভৱ। কিন্তু নিৰ্বাচনী প্ৰতিশ্ৰুতি ৰক্ষা কৰি ইতিমধ্যে অসমত ৯০ হাজাৰ যুৱক–যুৱতীক নিযুক্তি দিয়া হ’ল।’’
লগতে ভাষণত মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয়, ‘‘অহা ৩ বছৰত অসমত আৰু ১ লাখ নিযনুৱাক নিযুক্তি দিয়া হ’ব।’’
অসমত মুঠ ১০ লাখ নিবনুৱা থকা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয়, চৰকাৰী চাকৰিৰ উপৰি আত্মসংস্থাপনৰ জৰিয়তে নিবনুৱাসকলৰ সমস্যা সমাধানৰ ক্ষেত্ৰত অসম চৰকাৰে গুৰুত্ব আৰোপ কৰিছে। ২৩ ছেপ্টেম্বৰত অসম চৰকাৰে আত্মসংস্থাপনৰ বাবে এখন নতুন আঁচনি আৰম্ভ কৰিব। ২ৰ পৰা আঢ়ৈ লাখ যুৱক–যুৱতীক চৰকাৰৰ ফালৰ পৰা ৪–৫ লাখ টকাকৈ আত্মসংস্থাপনৰ বাবে আগবঢ়াব। সেই ধন ঋণ হিচাপে নহয়, অনুদান হিচাপে আগবঢ়োৱা হ’ব, যাতে তেওঁলোকে কোনো কাম কৰি আত্মসংস্থাপন লাভ কৰিব পাৰে।
- Log in to post comments