পৰকীয়া প্ৰেম! পৰকীয়া প্ৰেমৰ বাবেই পত্নীয়ে হত্যা কৰিলে স্বামীক...

jagiroad

প্ৰায় প্ৰতিদিনেই ৰাজ্যত সংঘটিত হৈছে বিভিন্ন হত্যা, হিংসাৰ ঘটনা।  বিশেষকৈ ৰাজ্যত পৰকীয়া প্ৰেমক লৈ সৃষ্টি হোৱা কেতবোৰ ঘটনাই চিন্তিত কৰি তুলিছে সকলোকে। এনে পৰকীয়া প্ৰেমৰ বাবেই ইতিমধ্যে সংঘটিত হৈছে বহু অপৰাধজনিত ঘটনা। 

jagiroad

পুনৰ পৰকীয়া প্ৰেমেই কাল হ’ল এজন লোকৰ বাবে। এইবাৰ ঘটনাৰ স্থান জাগীৰোড। বুধবাৰে নিশা নিজ পত্নীয়ে পৰকীয়া প্ৰেমৰ বাবে হত্যা কৰিলে স্বামীক। এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলটোত। 

jagiroad

জানিব পৰা মতে, জাগীৰোডৰ শিলভঙাত পৰকীয়া প্ৰেমিকৰ সৈতে মিলি পত্নীয়ে হত্যা কৰিলে স্বামীক। হত্যাৰ বলি হোৱা এই লোকজনৰ নাম আচাদুৰ ৰহমান। জানিব পৰা মতে আচাদুৰ ৰহমানক নিচাজাতীয় দ্ৰব্য সেৱন কৰাই গাড়ীৰ ভিতৰত হত্যা কৰে। হত্যাকাণ্ডক দুৰ্ঘটনাৰ ৰূপ দিবলৈ লোকজনৰ মৃতদেহটো পেলাইছিল ঘাইপথৰ কাষত।

নিশাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে পত্নী ফিৰ’জা খাতুন আৰু অবৈধ প্ৰেমিক ছফিকুল ইছলামক। ৰণ্টু বৰদলৈ নামৰ গাড়ী চালকজনো জালত পৰিছে আৰক্ষীৰ। আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে।

Category
Profile picture for user UB Photos