নৰপিশাচ! চাৰি দিনীয়া দেৱ শিশুক হত্যা পাষাণ পিতৃৰ, এই ঘটনা এইখন অসমৰে.............

Murder

কাছাৰৰ কালাইন কুৰকুৰি চা বাগিচাত সংঘটিত এক নৃশংস হত্যাকাণ্ড! চাৰি দিনীয়া নৱজাতক পুত্ৰ সন্তানক শ্বাসৰুদ্ধ কৰি হত্যা কৰিলে পাষাণ পিতৃয়ে!

murder case

৪ দিনীয়া নৱজাতক পুত্ৰ সন্তানক শ্বাসৰুদ্ধ কৰি হত্যা কৰিলে নিজ পিতৃয়ে। এই ভয়ংকৰ হত্যাকাণ্ড সংঘটিত হৈছে কাছাৰৰ কালাইন কুৰকুৰি চা বাগিচাত। অভিযোগ মতে, ৰাজু মুণ্ডা নামৰ পাষাণ লোকজনে সুৰামত্ত অৱস্থাত নিজৰ ৪ দিনীয়া নৱজাতক পুত্ৰ সন্তানক কম্বলেৰে শ্বাসৰুদ্ধ কৰি হত্যা কৰে। শনিবাৰে নিশা সুৰামত্ত অৱস্থাত ঘৰত প্ৰৱেশ কৰি প্ৰথমে ৰাজু মুণ্ডাই পত্নীক মাৰপিট কৰে। আৰু ইয়াৰ পাছতে পত্নীক ঘৰৰ পৰা বাহিৰ কৰি ঘৰৰ ভিতৰত চাৰিদিনীয়া নৱজাতক সন্তানক কম্বলেৰে শ্বাসৰুদ্ধ কৰি হত্যা কৰে ৰাজু মুণ্ডাই।

murder

উল্লেখ্য যে, এই ঘটনাৰ পিছত ৰাজুৰ পৰিয়ালৰ লোকে ঘটনা ঘাপ দিয়াৰ চেষ্টা কৰে যদিও মৃত শিশুৰ মাতৃয়ে দেওবাৰে স্থানীয় কালাইন আৰক্ষী চকীত উপস্থিত হৈ আৰক্ষীক সমগ্ৰ ঘটনা অৱগত কৰে। আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ নৱজাতক শিশুটিৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে শিলচৰ মেডিকেল কলেজলৈ প্ৰেৰণ কৰে। ইপিনে আৰক্ষীৰ উপস্থিতিৰ খবৰ পাই ঘৰৰ পৰা পলায়ন কৰে হত্যাকাৰী ৰাজু মুণ্ডাই।

Category
Profile picture for user UB Photos