মহানগৰীত পুনৰ আত্মহত্যা! ষষ্ঠ মহলাৰ পৰা পৰি ৰহস্যজনকভাৱে মৃত্যু বনকৰা যুৱতীৰ..........

Suicide

মহানগৰীত প্ৰায়ে সংঘটিত হৈ থাকে অপৰাধজনিত ঘটনা। এই পুনৰ এগৰাকী বনকৰা যুৱতীৰ ৰহস্যজনক মৃত্যু। গুৱাহাটীৰ নৱগ্ৰহৰ সমীপৰ প্ৰাকৃতিক নিৱাসত সংঘটিত হৈছে এই ঘটনাটো। ব্লক ৬-ৰ ষষ্ঠ মহলাৰ পৰা পৰি মৃত্যু হৈছে যুৱতী গৰাকীৰ ।

জানিব পৰা মতে, ড০ দীনেশ আগৰৱালৰ ঘৰত বনকৰা হিচাপে আছিল যুৱতীগৰাকী। যুৱতীগৰাকীৰ বয়স প্ৰায় ২২ বছৰ বুলি জানিব পৰা গৈছে। 

আনহাতে, মৃত যুৱতী গৰাকীৰ পিতৃৰ নাম বিষ্ণু মুণ্ডা বুলি জানিব পৰা গৈছে। মহানগৰীত বনকৰা যুৱতীগৰাকীৰ মৃত্যুক লৈ এতিয়া চাঞ্চল্য অব্যাহত আছে।

উল্লেখযোগ্য যে, ঘটনাস্থলীত মহানগৰ আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে ঘটনাৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।

Category
Profile picture for user UB Photos