নিষ্ঠুৰ মাতৃ! প্ৰথমে স্বামীৰ সৈতে কাজিয়া তাৰ পাছত নিজ হাতেৰে হত্যা কৰিলে দুটি সন্তানক........

silchar

প্ৰতিদিনে ৰাজ্যত কিয় বৃদ্ধি পাবলৈ ধৰিছে হত্যা-হিংসাৰ ধৰে অপৰাধজনিত ঘটনা? বৰ্তমান সময়ত সকলোৰে মনত উদয় হোৱা আটাইতকৈ ডাঙৰ প্ৰশ্ন!

কোৱা হয় মাতৃ মমতাময়ী, তাৰপাছতো জানো এয়া সম্ভৱ! কাছাৰৰ সোনাই হাতিখালত জন্মদাত্ৰী মাতৃয়ে হত্যা কৰিলে নিজ দুই কন্যা সন্তানক। পানীত বুৰাই ডেৰ বছৰীয়া আৰু তিনি বছৰীয়া দুই কন্যা সন্তানক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে মাতৃৰ বিৰুদ্ধে। গাৰ নোম শিহঁৰি উঠা এই হত্যাকাণ্ডটোক লৈ সমগ্ৰ অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।

silchar

জানিব পৰা মতে, আজমিৰা বেগম নামৰ হত্যাকাৰী মাতৃগৰাকীয়ে বৃহস্পতিবাৰে নিশা স্বামী বাবুল হুছেইনৰ লগত কাজিয়াত লিপ্ত হয়। স্বামীয়ে কৰা অভিযোগ অনুসৰি কাজিয়াৰ পাছতে মাতৃ গৰাকীয়ে দুই কন্যা সন্তানক পুখুৰীত লৈ গৈ পানীত বুৰাই হত্যা কৰি মৃতদেহ দুয়োটা ঘৰত লৈ আহে। 

পুৱা স্বামীয়ে প্ৰত্যক্ষ কৰে যে আজমিৰা বেগমে মৃতদেহ দুয়োটাৰ কাষত বহি কান্দি আছে। স্বামীয়ে দুই কন্যা সন্তানৰ কেনেকৈ মৃত্যু হৈছে বুলি প্ৰশ্ন কৰিলে স্বামীৰ ওচৰত হত্যাৰ কথা স্বীকাৰ কৰে পত্নী আজমিৰা বেগমে।

silchar

এই নৃসংশ হত্যাকাণ্ডটোৰ খৱৰ পাই ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ দুয়োটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে শিলচৰ মেডিকেল কলেজত প্ৰেৰণ কৰে ৷ লগতে হত্যাকাৰী মাতৃক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ।

ইপিনে আজমিৰা বেগম নামৰ হত্যাকাৰী মাতৃগৰাকী বাবুল হুছেইনৰ দ্বিতীয় পত্নী বুলি জানিব পৰা গৈছে।
 

Category
Profile picture for user UB Photos