ৰাজ্যত একেটা নিশাৰ ভিতৰতে দুটাকৈ গণপ্ৰহাৰৰ ঘটনা! চোৰৰ সন্দেহত মৰিয়াই মৰিয়াই হত্যা দুজনকৈ লোকক.....

Murder

একেটা দিনতে ৰাজ্যত দুটাকৈ গণপ্ৰহাৰৰ ঘটনা সংঘটিত হৈছে। চোৰৰ সন্দেহতে সংঘটিত হয় এই গণপ্ৰহাৰৰ দুটাকৈ ঘটনা। দুয়োটা ঘটনাত মৃত্যুমুখত পৰে দুজন লোক। এটা ঘটনা দৰঙত আৰু আনটো বাক্সাৰ।

darrang

 

ৰাজ্যত পুনৰ সংঘটিত হৈছে মৰেল পুলিচিঙৰ ঘটনা। ছাগলী চোৰক কেন্দ্ৰ কৰি ছিপাঝাৰৰ পদ্মাঝাৰত বুধবাৰে নিশা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। ছাগলী চোৰৰ অভিযোগত একাংশলোকে মৰিয়াই মৰিয়াই হত্যা কৰে এজনক। মৃতলোক জন মজিবৰ আলি বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে ইতিমধ্যে এই ঘটনা সংক্ৰান্তত ১৪জন লোকক গ্ৰেপ্তাৰ কৰিছে।

tamulpur

 

ইফালে, বাক্সাৰ তামুলপুৰতো চোৰৰ সন্দেহত আন এজন যুৱকক তামোল গছত বান্ধি মৰিয়াই হত্যা কৰা হয়। এই ঘটনা সংঘটিত হৈছে বৃহস্পতিবাৰে পুৱতি নিশা। নিহত যুৱক জন তিনিপুখুৰী গাঁৱৰ বিনোদ ব্ৰহ্ম বুলি জানিব পৰা গৈছে ৷ একে গাঁৱৰে বলাই দাস নামৰ লোকজনৰ ঘৰত পুৱতি নিশা সংঘটিত হৈছে এই ঘটনা। মৃত বিনোদ ব্ৰহ্মক বলাই দাসে ৰচিৰে বান্ধি মৰিয়াই মৰিয়াই হত্যা কৰাৰ অভিযোগ উত্থাপন কৰিছে মৃতকৰ পৰিয়ালৰলোক। অভিযুক্ত বলাই দাস সম্প্ৰতি পলাতক বুলি জানিব পৰা গৈছে।


 

Category
Profile picture for user UB Photos