পেটুৱা আৰক্ষীৰ বাবে আৰম্ভ হ'ল অগ্নিপৰীক্ষা! অসম আৰক্ষীক “ফিট” ৰখাৰ বাবে চৰকাৰে লৈছিল এই কঠোৰ পদক্ষেপ.........

BMI

আজিৰে পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰম্ভ পেটুৱা আৰক্ষীৰ অগ্নিপৰীক্ষা। অসম আৰক্ষীক ফিট ৰখাৰ বাবে অসম চৰকাৰে গ্ৰহণ কৰা কঠোৰ পদক্ষেপৰ অংশ হিচাপে আজিৰে পৰা আৰম্ভ হ’ল বডী মাছ ইনডেক্স (BMI) পৰীক্ষা। পেটুৱা আৰক্ষীসকলক নিজকে ফিট কৰাৰ বাবে দিয়া সময়সীমাৰ অন্ত পৰাৰ পিছত বুধবাৰৰে পৰা আৰম্ভ হৈছে BMI পৰীক্ষা।

BMI

১৬ আগষ্টৰ পৰা ৰাজ্যৰ ৩৫টা স্থানত অসম আৰক্ষীৰ বাবে এই পৰীক্ষাৰ ব্যৱস্থা কৰা হৈছে। ৩১ আগষ্টলৈ চলিব এই পৰীক্ষা। প্রতিখন জিলা সদৰত টেষ্টৰ ব্যৱস্থা কৰিছে আৰক্ষীৰ শীৰ্ষ মহলে। 

কাহিলীপাৰাৰ ৪ৰ্থ অসম আৰক্ষী বেটেলিয়ন চৌহদতো অনুষ্ঠিত বি এম আই (BMI) টেষ্ট। পুৱা ৯ বজাত মহানগৰীৰ চতুৰ্থ বেটেলিযয়ান চৌহদত GP সিঙে আৰম্ভ কৰে BMI পৰীক্ষা। 

BMI

উল্লেখ্য যে, এই বি এম আই পৰীক্ষাত অৱতীৰ্ণ হৈছে ৰাজ্যৰ প্ৰতিজন কনিষ্ঠবলৰ লগতে পৰ্যায় ক্ৰমে বিষয়াসকলও। বিভাগীয় কৰ্তৃপক্ষই জানিব দিয়া অনুসৰি কাহিলীপাৰাৰ ৪ৰ্থ অসম আৰক্ষী বেটেলিয়ন চৌহদত বুধবাৰে প্ৰথম পৰ্যায়ত ২০০ কনিষ্ঠবলে এই পৰীক্ষাৰ সন্মুখীন হয়। উল্লেখ্য যে, এই পৰীক্ষাৰ বাবে দৈহিক গঠন তথা ওজনৰ ওপৰত ভিত্তি কৰি নীতি নিৰ্ধাৰণ কৰা হৈছে।

ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিছুদিন পূৰ্বে ঘোষণা কৰিছিল যে- ৰাজ্যত পেটুৱা পুলিচ নাথাকিব। পেট কমাব নোৱাৰিলে আৰক্ষীয়ে বাধ্যতামূলক ভাৱে এৰিব লাগিব চাকৰি। জনহিত সেৱাৰ্থে নিয়োজিত আৰক্ষীৰ স্বাস্থ্য যে সবল হ'ব লাগিব সেয়া বহু দিনৰ পৰাই চৰ্চা চলি আহিছে।

BMI

এই সন্দৰ্ভত অসম আৰক্ষী বাহিনীৰ সঞ্চালক প্ৰধান জি পি সিঙেও শাৰীৰিক কচৰৎ কৰিবলৈ আহ্বান জনাইছিল প্ৰতিজন আৰক্ষীক। সঞ্চালক প্ৰধানগৰাকীয়ে টুইটাৰৰ জৰিয়তে অসম আৰক্ষীৰ সকলো বিষয়া, জোৱানে বিভাগীয় শাৰীৰিক পৰীক্ষাত যে অৱতীৰ্ণ হ’ব লাগিব সেয়া পূৰ্বেই প্ৰকাশ কৰিছিল। তাৰেই পৰিপ্ৰেক্ষিতত বুধবাৰে অসম আৰক্ষীৰ বিষয়া-জোৱানে এই পৰীক্ষাৰ সন্মুখীন হয়।

Category
Profile picture for user UB Photos