ৰহস্যজনক ঘটনা! এইবাৰ অৰ্ধগলিত অৱস্থাত উদ্ধাৰ, মাতৃ-কন্যাৰ মৃতদেহ, সন্ধান নাই স্বামীৰ.......

rangia

ৰঙিয়াত সংঘটিত এক চাঞ্চল্যকৰ ঘটনা । সোমবাৰে অৰ্ধগলিত অৱস্থাত উদ্ধাৰ হয় মাতৃ-কন্যাৰ মৃতদেহ। ইয়াৰ পাছতেই সমগ্ৰ ৰঙিয়াত তীব্ৰ চাঞ্চল্য়ই বিৰাজ কৰে।

শিৱ মন্দিৰৰ সমীপৰ এটা অট্টালিকাত উদ্ধাৰ হয় মাতৃ-কন্যাৰ মৃতদেহ। মৃতদেহ দুটা কন্যা কণিকা আগৰৱালা আৰু মাতৃ পিনু আগৰৱালাৰ বুলি চিনাক্ত কৰা হৈছে।

rangia

কন্যা কণিকা আগৰৱালা উচ্চতৰ মাধ্যমিক ২য় বৰ্ষৰ ছাত্রী আছিল। বৰ্তমানেও সন্ধান নাই কণিকাৰ পিতৃ প্রবীণ আগৰৱালাৰ। পুৱা স্থানীয় লোকে প্রত্যক্ষ কৰিছিল প্রবীণ আগৰৱালাক। কিন্তু তাৰপাছৰ পৰা সন্ধানহীন হৈ পৰে লোকজন।

ইতিমধ্যে ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ আৰম্ভ কৰিছে তদন্তৰ। এয়া এক হত্যাকাণ্ড বুলি সন্দেহ কৰিছে একাংশই। 

কিন্তু কিয়, কেনেকৈ, কোনে হত্য়া কৰিলে মাতৃ কন্যাক সেয়া তদন্তৰ পাছতহে পোহৰলৈ আহিব। পাৰিবাৰিক কন্দলৰ পৰিণতিতেই এই ঘটনা সংঘটিত হোৱাৰো আশংকা কৰিছে একাংশই।

Category
Profile picture for user UB Photos