Loksabha Election 2024

আজি লোকসভা নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰিলে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। কাশী উপায়ুক্ত কাৰ্যালয়ত বাৰাণসী সংসদীয় সমষ্টিৰ পৰা তৃতীয়বাৰৰ বাবে বাৰাণসী সমষ্টিৰ পৰা মনোনয়ন দাখিল কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে। তেওঁৰ প্ৰস্তাৱক হিচাপে উপস্থিত থাকে বিশিষ্ট জ্যোতিষী গণেশ্বৰ শাস্ত্ৰী দ্ৰাবিড়।

উল্লেখযোগ্য যে, মোদীৰ মনোনয়ন পত্ৰ দাখিলৰ সময়ত মোদীক সংগ দিয়ে অসম লগতে ১২ খন ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু ১৮ জনতকৈ অধিক কেবিনেট মন্ত্ৰীয়ে।