আজি তৃতীয় তথা অন্তিম পৰ্যায়ৰ নিৰ্বাচন! অসমৰ ৪ সমষ্টিত ৮১ লাখৰো অধিক ভোটাৰে নিৰ্ণয় কৰিব প্ৰাৰ্থীৰ ভাগ্য....

Election

অসমত আজি তৃতীয় তথা অন্তিম পৰ্যায়ৰ নিৰ্বাচন। নামনি অসমৰ ৪ লোকসভা সমষ্টিত ভোটগ্ৰহণ প্ৰক্ৰিয়া ইতিমধ্যেই আৰম্ভ হৈছে। ৰাতিপুৱা ৭ বজাৰ পৰা আৰম্ভ ভোটগ্ৰহণ, সন্ধিয়া ৬ বজালৈ চলিব ভোটদান প্ৰক্ৰিয়া। 

উল্লেখ্য যে, ধুবুৰী, কোকৰাঝাৰ, বৰপেটা, গুৱাহাটীত ভোটগ্ৰহণ, ৪ সমষ্টিত সৰ্বমুঠ ৪৭ প্ৰাৰ্থীৰ প্ৰতিদ্বন্দ্বিতা। ৪ সমষ্টিত ৮১ লাখৰো অধিক ভোটাৰে নিৰ্ণয় কৰিব প্ৰাৰ্থীৰ ভাগ্য। 

আনহাতে, ২ নাৰীশক্তিৰ নিৰ্বাচনী মহাৰণেৰে আকৰ্ষণীয় কৰিছে গুৱাহাটী LS। ৪ সমষ্টিৰ ৩ সমষ্টিত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ প্ৰতিদ্বন্দ্বিতা। গুৱাহাটীত কংগ্ৰেছ-বিজেপিৰ ২ নাৰীশক্তি সমুখ সমৰত। কংগ্ৰেছৰ মীৰা বৰঠাকুৰ বনাম বিজেপিৰ বিজুলী কলিতা মেধি।

আকৰ্ষণীয় ত্ৰিকোণীয়া প্ৰতিদ্বন্দ্বিতাৰ সম্ভাৱনা ধুবুৰীত। সংখ্যালঘুপ্ৰধান ধুবুৰীত ৩ সংখ্যালঘু নেতাৰ যুঁজ। ধুবুৰীত চতুৰ্থবাৰৰ বাবে সমষ্টি দখলৰ যুঁজত বদৰুদ্দিন আজমল। ধুবুৰী সমষ্টিত চামগুৰিৰ কংগ্ৰেছী বিধায়ক ৰকিবুল হুছেইনৰ প্ৰতিদ্বন্দ্বিতা।

আঞ্চলিকতাবাদৰ প্ৰগতিশীল চিন্তাধাৰাৰে অগপৰ জাবেদ ইছলামৰো প্ৰত্যাহ্বান। কোকৰাঝাৰত ৩ বড়ো জনগোষ্ঠীয় নেতাৰ নিৰ্বাচনী যুঁজ। UPPLৰ জয়ন্ত বসুমতাৰী, BPFৰ খাম্পা বৰগয়াৰীৰ ৰণদুন্দুভি। কোকৰাঝাৰ সমষ্টিত ভাগ্য নিৰ্ণয় হ’ব কংগ্ৰেছৰ গৰ্জন মুছাহাৰীৰ। 

বৰপেটা সমষ্টিতো তিনিকোণীয়া প্ৰতিদ্বন্দ্বিতাৰ সম্ভাৱনা। NDAৰ মিত্ৰদল অগপৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ হ’ব ভাগ্য নিৰ্ণয়। বৰপেটাত প্ৰতিদ্বন্দ্বিতা CPI(M)ৰ মনোৰঞ্জন তালুকদাৰৰ। বৰপেটাত ত্ৰিকোণীয়া প্ৰতিদ্বন্দ্বিতাত কংগ্ৰেছৰ দ্বীপ বায়ন।

Category
Profile picture for user UB Photos