Gunutsab

৩ জানুৱাৰীৰ পৰা ৰাজ্যত অনুষ্ঠিত হ’ব গুণোৎসৱ-২০২৪। ৰাজ্যৰ ৩৫খন জিলাত অনুষ্ঠিত হ’ব গুণোৎসৱ। ৩টা পৰ্যায়ত অনুষ্ঠিত হ’ব গুণোৎসৱৰ কাৰ্যসূচী আৰু ৮ ফেব্ৰুৱাৰীত সামৰণি পৰিব গুণোৎসৱ-২০২৪।

ৰাজ্যৰ ৪৩,৪৯৮বিদ্যালয়ে অংশ ল’ব গুণোৎসৱত। ৩৯,৬৩,৫৪২ শিক্ষাৰ্থীয়ে অংশ ল’ব গুণোৎসৱত। প্ৰথম পৰ্যায়ত ১২খন জিলাত অনুষ্ঠিত হ’ব গুণোৎসৱ। বৰপেটা, বজালী, হোজাই, কৰিমগঞ্জ, কামৰূপ, কাৰ্বি আংলং, কোকৰাঝাৰ, লখিমপুৰ, নগাঁও, শিৱসাগৰ, দক্ষিণ শালমাৰা, ওদালগুৰিত প্ৰথম পৰ্যায়ৰ গুণোৎসৱ।