ৰাজ্যৰ ৩৫ খন জিলাত অনুষ্ঠিত হ’ব গুণোৎসৱ! ৩ জানুৱাৰীৰ পৰা অনুষ্ঠিত গুণোৎসৱ-২০২৪.........

Gunutsab

৩ জানুৱাৰীৰ পৰা ৰাজ্যত অনুষ্ঠিত হ’ব গুণোৎসৱ-২০২৪। ৰাজ্যৰ ৩৫খন জিলাত অনুষ্ঠিত হ’ব গুণোৎসৱ। ৩টা পৰ্যায়ত অনুষ্ঠিত হ’ব গুণোৎসৱৰ কাৰ্যসূচী আৰু ৮ ফেব্ৰুৱাৰীত সামৰণি পৰিব গুণোৎসৱ-২০২৪।

ৰাজ্যৰ ৪৩,৪৯৮বিদ্যালয়ে অংশ ল’ব গুণোৎসৱত। ৩৯,৬৩,৫৪২ শিক্ষাৰ্থীয়ে অংশ ল’ব গুণোৎসৱত। প্ৰথম পৰ্যায়ত ১২খন জিলাত অনুষ্ঠিত হ’ব গুণোৎসৱ। বৰপেটা, বজালী, হোজাই, কৰিমগঞ্জ, কামৰূপ, কাৰ্বি আংলং, কোকৰাঝাৰ, লখিমপুৰ, নগাঁও, শিৱসাগৰ, দক্ষিণ শালমাৰা, ওদালগুৰিত প্ৰথম পৰ্যায়ৰ গুণোৎসৱ।

৯ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ। বাক্সা, বিশ্বনাথ, চিৰাং, চৰাইদেউ, ধেমাজি, ধুবুৰী, গোলাঘাট, হাইলাকান্দি, যোৰহাট, কামৰূপ (ম), শোণিতপুৰ, তিনিচুকীয়া আৰু তামুলপুৰত দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ।

৫ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব তৃতীয় পৰ্যায়ৰ গুণোৎসৱ। বঙাইগাঁও, দৰং, ডিব্ৰুগড়, গোৱালপাৰা, কাছাৰ, নলবাৰী, মৰিগাঁও, ডিমা হাচাও, মাজুলী, পশ্চিম কাৰ্বি আংলঙত তৃতীয় পৰ্যায়ৰ গুণোৎসৱ।

Category
Profile picture for user UB Photos