Tamil Nadu political

পুনৰবাৰ ক’ভিডে লৈছে সংহাৰীৰূপ। ইজনৰ পিছত সিজনকৈ ব্যক্তি আক্ৰান্ত হৈছে মহামাৰী ক’ভিডত। তামিলনাডুৰ বিশিষ্ট অভিনেতা–ৰাজনীতিকৰ ক’ভিডত মৃত্যু হোৱা ঘটনাই সমগ্ৰ দেশক চিন্তিত কৰি তুলিছে।

চেন্নাইত মৃত্যু ঘটিল বিশিষ্ট অভিনেতা–ৰাজনীতিকৰ বিজয়কান্তৰ। দক্ষিণৰ ছবি জগতৰ স্বনামধন্য নাম আছিল বিজয়কান্ত। তামিল ৰাজনীতিৰো আছিল এজন বিশিষ্ট নেতা। DMDK দলৰ প্ৰতিষ্ঠাপক আছিল বিজয়কান্ত।

উল্লেখ্য যে, ২০১১ চনৰ পৰা ২০১৬ চনলৈ তামিলনাডু বিধানসভাৰ বিৰোধী দলপতি আছিল ডিএমকে দলৰ প্ৰতিষ্ঠাপকজন। প্ৰকৃত নাম যদিও নাৰায়ণ বিজয়ৰাজ আলাগাৰস্লামী কিন্তু কেপ্টেইন বিজয়কান্ত হিচাপেহে তেওঁ জনাজাত আছিল।