পুনৰবাৰ ক’ভিডৰ সংহাৰীৰূপ! তামিলনাডুৰ বিশিষ্ট অভিনেতা–ৰাজনীতিকৰ বিজয়কান্তৰ দেহাৱসান.........

vijay

পুনৰবাৰ ক’ভিডে লৈছে সংহাৰীৰূপ। ইজনৰ পিছত সিজনকৈ ব্যক্তি আক্ৰান্ত হৈছে মহামাৰী ক’ভিডত। তামিলনাডুৰ বিশিষ্ট অভিনেতা–ৰাজনীতিকৰ ক’ভিডত মৃত্যু হোৱা ঘটনাই সমগ্ৰ দেশক চিন্তিত কৰি তুলিছে।

চেন্নাইত মৃত্যু ঘটিল বিশিষ্ট অভিনেতা–ৰাজনীতিকৰ বিজয়কান্তৰ। দক্ষিণৰ ছবি জগতৰ স্বনামধন্য নাম আছিল বিজয়কান্ত। তামিল ৰাজনীতিৰো আছিল এজন বিশিষ্ট নেতা। DMDK দলৰ প্ৰতিষ্ঠাপক আছিল বিজয়কান্ত।

উল্লেখ্য যে, ২০১১ চনৰ পৰা ২০১৬ চনলৈ তামিলনাডু বিধানসভাৰ বিৰোধী দলপতি আছিল ডিএমকে দলৰ প্ৰতিষ্ঠাপকজন। প্ৰকৃত নাম যদিও নাৰায়ণ বিজয়ৰাজ আলাগাৰস্লামী কিন্তু কেপ্টেইন বিজয়কান্ত হিচাপেহে তেওঁ জনাজাত আছিল। 

আনহাতে, দাক্ষিণাত্যৰ ছবি জগতৰ এটি অতি জনপ্ৰিয় নাম বিজয়কান্ত আছিল একেধাৰে এজন অভিনেতা, ছবি প্ৰযোজক তথা পৰিচাক। কিছুদিন পূৰ্বে ক’ভিডত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল বিজয়কান্ত। 

অভিনেতা–ৰাজনীতিবিদজনৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটাত বিগত ২৪ ঘণ্টা ভেণ্টিলেচনত ৰখা হৈছিল। আইচিইউত চিকিৎসাধীন অৱস্থাত ৭১ বছৰীয়া অভিনেতা-ৰাজনীতিবিদজনে শেষ নিশ্বাস ত্যাগ কৰে।

Category
Profile picture for user UB Photos