ভাতৃ-ভগ্নীৰ বাবে অহা ৩০ আগষ্টৰ দিনটো বিশেষ দিন কিয়নো সেই দিনা হৈছে ৰাখী বন্ধন। সমগ্ৰ দেশতে অহা ৩০ আগষ্টত উদযাপন কৰা হ'ব ৰাখী বন্ধন। ভাতৃ-ভগ্নীৰ মাজত প্ৰেমৰ বন্ধন চিহ্নিত কৰা এই ৰাখী বন্ধন দেশৰ সৰ্ব প্ৰান্তত উদযাপন কৰা হয়।
ৰাখী বন্ধনেৰে ভাতৃৰ প্ৰতি থকা প্ৰেম প্ৰকাশৰ বাবে ভাৰতলৈ আহিবলৈ সাজু হৈছে এগৰাকী পাকিস্তানী মহিলা। মহিলাগৰাকীৰ নাম কামাৰ মহছিন শ্বেখ। ভাৰতৰ প্ৰধানমন্ত্ৰী অর্থাৎ ভাতৃ নৰেন্দ্ৰ মোদীৰ হাতত ৰাখী বান্ধিবলৈ নতুন দিল্লী ভ্ৰমণ কৰিব কামাৰ মহছিন শ্বেখে।