Assamese Couple Hanging

মৰ্মান্তিক ঘটনা। একেডাল চিপতে আত্মহত্যা কৰিলে প্ৰেমিক-প্ৰেমিকাই। বিজনীৰ ৩ নং লক্ষীঝৰাৰ ঘটনা এয়া। এখন ৰবৰৰ বাগানত আত্মহনন প্ৰেমিক যুগলৰ। জানিব পৰা হোৱা নাই আত্মহননৰ কাৰণ। ঘটনাস্থলীত উপস্থিত হয় পাণবাৰী আৰক্ষী। মৰণোত্তৰ পৰীক্ষালৈ প্ৰেৰণ কৰা হয় মৃতদেহ। মৃত লৰাজন বঙাইগাঁও জিলাৰ চিপনচিলাৰ, আৰু ছোৱালীজনী বিজনীৰ বৰগাঁও বটিয়াগুৰীৰ।