Papon

আজি অসমৰ গৌৰৱ পাপনৰ জন্মদিন। অসমীয়াৰ বাহিৰেও হিন্দী, বাংলা, তামিল, মাৰাঠী আদি বহু ভাষাত পাপনে গীত গাইছে। ২০০৫ চনত মুক্তি পায় পাপনৰ প্ৰথম এলবাম "জোনাকী ৰাতি", যাৰ জৰিয়তেই তেওঁ অসমৰ লগতে বাহিৰৰ শ্ৰোতাৰ মাজত জনপ্ৰিয়তা তথা পৰিচয় লাভ কৰে। তাৰ পাছত ২০১০ চনত মুক্তি লাভ কৰে তেওঁৰ আন এখন একক গীতৰ এলবামৰ "চিনাকি অচিনাকি।" অংগৰাগ মহন্তই প্ৰথমবাৰৰ বাবে নেপথ্য গায়ক হিচাপে কণ্ঠদান কৰে ২০১১ চনৰ অসমীয়া ছবি ৰামধেনুৰ "উজাই যা নৈ" শীৰ্ষক গীতটোত। তাৰ ঠিক পাছতেই মুক্তি পায় তেওঁ কণ্ঠদান কৰা প্ৰথম হিন্দী ছবি "দম মাৰো দম" (এপ্ৰিল ২০১১)। 'ছবিখনৰ "জীয়ে কিউ" গীতটোৱে সমালোচকৰ প্ৰশংসাৰ লগতে লাভ কৰে বিশাল সফলতা