Argentina

বিশ্বকাপ ফুটবল ২০২২ৰ চেম্পিয়ন হ'ল আৰ্জেন্টিনা । ৰোমাঞ্চকৰ খেলখনত ৩-৩ গ'লেৰে ড্ৰ' হোৱাৰ পিছত ট্ৰাই ব্ৰেকাৰে ৪-২ গ'লত ফ্ৰান্সক পৰাস্ত কৰে আৰ্জেন্টিনাই। ৩৬ বছৰৰ পিছত বিশ্বকাপ দখল অাৰ্জেন্টিনাৰ। এইবাৰৰ সৈতে তিনিবাৰ ফিফা বিশ্বকাপৰ চেম্পিয়ন হৈছে আৰ্জেন্টিনা । আৰ্জেন্টিনাৰ জয়ৰ পিছত মেছিৰ অনুৰাগী সকল হৈ পৰিছে অতি আনন্দিত। উল্লেখ্য যে ফিফা বিশ্বকাপত এইখন খেলেই আছিল মেছিৰ অন্তিমখন খেল।