icc men's world cup 2022

আজি টি-২০ৰ হাইভল্টেজ মেচ। টি-২০ বিশ্বকাপত আজি পাকিস্তানৰ বিৰুদ্ধে খেলিব টীম ইণ্ডিয়াই। এইবাৰ তৃতীয়বাৰৰ বাবে পুৰুষ ক্ৰিকেটত দুয়োপক্ষই মুখামুখি হ’ব। যোৱা ছেপ্তেম্বৰ মাহত এছিয়া কাপত ভাৰত আৰু পাকিস্তান দুয়োটা দলে দুবাৰকৈ ইজনে সিজনৰ বিৰুদ্ধে খেলিছিল। গ্ৰুপ খেলত ভাৰতে বাবৰ আজমৰ দলক পৰাস্ত কৰাৰ বিপৰীতে পাকিস্তানে ছুপাৰ ৪ পৰ্যায়ত ৰোহিত শৰ্মা নেতৃত্বাধীন দলটোক পৰাস্ত কৰি এক উজ্জ্বল প্ৰত্যাৱৰ্তন ঘটাইছিল। আৰু আজি পুনৰ মেলবৰ্ণত চিৰবৈৰী পাকিস্তানৰ মুখামুখী হ’ব টীম ইণ্ডিয়া। ভাৰতীয় সময় অনুসৰি দুপৰীয়া ১:৩০ বজাত আৰম্ভ হ’ব হাইভল্টেজ মেচখন। খেলখনত জয় লাভৰ বাবে ইতিমধ্যে দুয়োটা দলেই চলাইছে জোৰদাৰ প্ৰস্তুতি।