Bhagwan Hotel

মহানগৰীত পুনৰ মৃতদেহ উদ্ধাৰৰ ঘটনা। মহানগৰীৰ বৰা চাৰ্ভিছত অৱস্থিত ভগৱান হোটেলত উদ্ধাৰ হয় এটা মৃতদেহ।

 

উদ্ধাৰ হোৱা মৃতদেহটো CID বিষয়া নিৰ্মল ভূঞাৰ বুলি জানিব পৰা গৈছে। CIDৰ ASI হিচাপে কৰ্মৰত আছিল নিৰ্মল ভূঞা। মে’ মাহত নিজৰ নামত এটা কোঠা লৈছিল ভগৱান নামৰ হোটেলখনত।  হোটেলখনৰ ২০১ নং কোঠালিত  উদ্ধাৰ হয় ৫০ বছৰীয়া নিৰ্মল ভূঞাৰ মৃতদেহ।

 

জানিব পৰা অনুসৰি, মৃত নিৰ্মল ভূঞাৰ ঘৰ নলবাৰীত। বহু দিনৰে পৰা পৰিয়ালৰ লগত সংঘাত আছিল মৃত নিৰ্মল ভূঞাৰ। সুৰাৰ ৰাগীত মাতাল হয় প্ৰায়ে পত্নীৰ সৈতে কাজিয়া কৰে নিৰ্মল ভূঞাই। কিছুদিন আগতে তেওঁৰ পত্নী পলাই গৈছিল বঙালী এজনৰ লগত।