Delivery Boy

ঘড়ীৰ বাকচত Flipkartয়ে পঠিয়ালে দুটা পিয়াজ, অনলাইনত অৰ্ডাৰ দিয়া হৈছিল হাতঘড়ী কিন্তু তাৰ বিপৰীতে গ্ৰাহকে লাভ কৰিলে দুটা পিয়াজ। চিৰাঙৰ পানবাৰীত সংঘটিত হৈছে এই ঘটনা৷ ঘটনা অনুযায়ী পানবাৰী অঞ্চলৰ মহিদুল ইছলাম নামৰ এজন লোকে কিছুদিন পূৰ্বে ফ্লিপকাৰ্টত অনলাইনযোগে এটা হাত ঘড়ী অৰ্ডাৰ কৰিছিল।

 

অৰ্ডাৰ পিছত বিজনীৰ ডেলিভাৰী বয় প্ৰশান্ত কৰ্মকাৰ আৰু সুব্ৰত মল্লিকে মহিদুল ইছলামক অৰ্ডাৰ কৰা পাৰ্চেল প্ৰদান কৰি নিয়ম অনুসৰি পাৰ্চেলৰ মূল্য ১৪৯৯ টকা লয়। কিন্তু ডেলিভাৰী বয় দুজনৰ সন্মুখতে পাৰ্চেল খোলাৰ পিছত গ্ৰাহক মহিদুল ইছলামৰ চকু কপালত উঠে।