CAA Protest News

ৰাজ্যত আকৌ হ’ব কা আন্দোলন, ২০১৯ত অসমত দেখা গৈছিল কা আন্দোলনৰ ভয়ংকৰ ৰূপ৷ জাগ্ৰত হৈছিল প্ৰত্যেকগৰাকী অসমীয়া৷ ৰাজপথ ৰাঙলী হৈছিল, কঁপি উঠিছিল৷ প্ৰথমাৱস্থাত এই আন্দোলনৰ নেতৃত্ব লৈছিল যুক্তিবাদী কটনিয়ানে ৷

পৰৱৰ্তী সময়ত কটনিয়ানৰ সৈতে মিল হৈছিল আন আন বিশ্ববিদ্যালয়, মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে৷ ৰাজপথৰ আন্দোলনত পৰিস্থিতি অতি ভয়ংকৰ হৈ পৰিছিল ৷ যাৰ পৰিপ্ৰেক্ষিতত আৰক্ষীয়ে গুলীচালনা কৰিবলৈ বাধ্য হৈছিল ৷