Moon Shot

আন্তৰ্জাতিক প্ৰেক্ষাপটত উজ্বলিল অসম সন্তান। আন্তৰ্জাতিক চন্দ্ৰ দিৱস (International Moon Day) উপলক্ষে Indian Space Research Organization চমুকৈ ISROয়ে অনুষ্ঠিত কৰা ‘Moon Shot’ শীৰ্ষক ফটোগ্ৰাফী প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে অসমৰ ফটোগ্ৰাফাৰ গৌতম ডেকাই।

২০ জুলাইত অনুষ্ঠিত এই ফটোগ্ৰাফী প্ৰতিযোগিতাৰ ফলাফল সমূহ ISROৰ ৱেবছাইত যোগে যোৱা ১০ আগষ্টত উপলব্ধ হয়, য’ত অসম সন্তান গৌতম ডেকাই তালিকাৰ শীৰ্ষস্থান স্থান দখল কৰে।