Mangaldoi Family

ধৰ্মান্ধতাৰ গ্ৰাসত এটি দুৰ্ভগীয়া পৰিয়াল। মঙলদৈত সংঘটিত হয় এক অমানৱীয় ঘটনা। মঙলদৈৰ পটালসিং পাৰাৰ গণক চুবাৰ এজন হিন্দু ধৰ্মাৱলম্বীৰ লোকৰ মৃতদেহ পুতি থোৱা হ’ল গাঁতত। অতুল শৰ্মা নামৰ লোকজনৰ মৃতদেহ সৎকাৰৰ পৰিবৰ্তে গাঁত খান্দি পুতি থ’লে পত্নীয়ে।

উল্লেখ্য যে, ২৭ বছৰ পূৰ্বে কোচ সম্প্ৰদায়ৰ প্ৰণীতা দেৱীক বিয়া কৰোৱাৰ বাবেই গাঁওখনৰ সামাজিক অনুষ্ঠানৰ পৰা বঞ্চিত হৈ আহিছিল অতুল শৰ্মাৰ পৰিয়াল। জাতিভেদৰ বাচ-বিচাৰ কৰি গাঁওৰ ৰাইজে সৎকাৰ নকৰিলে অতুল শৰ্মাৰ নশ্বৰদেহ। উপায় বিহীন হৈ পত্নী প্ৰণীতা দেৱীয়ে গাঁত খান্দি পুতি থ’লে স্বামী অতুল বৰাৰ মৃতদেহ।