Kargil Vijay Diwas

কাৰ্গিল বিজয় দিৱসৰ ২৩তম বাৰ্ষিকী মঙলবাৰে গুৱাহাটীৰ দিঘলীপুখুৰীৰ ৰাজ্যিক যুদ্ধ স্মাৰকত উদযাপন কৰা হয়, ২০১৮চনৰ পৰা সৈনিক কল্যাণ সঞ্চালকালয়ে আজিৰ দিনটোতেই পালন কৰি আহিছে।

মুখ্য অতিথিৰূপে উপস্থিত আছিল জল সম্পদ, সংসদীয় পৰিক্ৰমা, সামাজিক ন্যায় আৰু সশক্তিকৰণ আদি মন্ত্ৰী পিযুষ হাজৰিকাদেৱ।

অনুষ্ঠানটোত ১৯৯৯ চনৰ কাৰ্গিল যুদ্ধৰ শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবে 'অমৰ জোৱান'ৰ ওপৰত পুষ্পস্তৱক অৰ্পণ কৰা হয়।

ৰাজ্যখনৰ কাৰ্গিল শ্বহীদসকলৰ পৰিয়ালৰ সদস্যসকলক অসম চৰকাৰৰ হৈ মন্ত্ৰীজনে আমন্ত্ৰণ আৰু সন্মান জনায়।