Hima Das

২ বছৰৰ বাবে খেলপথাৰত নামিব নোৱাৰিব ধিং এক্সপ্ৰেছ হিমা দাস। ৰাষ্ট্ৰীয় ড'পিং প্ৰতিৰোধী সংস্থাই (এনএডিএ) সাময়িকভাৱে নিলম্বন কৰিছে তাৰকা খেলুৱৈগৰাকীক।

জানিব পৰা মতে, নিয়ম উলংঘা কৰাৰ বাবে হিমা দাসৰ বিৰুদ্ধে এই সিদ্ধান্ত লোৱা হৈছে। খেলুৱৈ গৰাকীয়ে এবছৰত তৃতীয়বাৰৰ বাবে অৱস্থান সম্পৰ্কীয় নিয়ম উলংঘা কৰিছিল। যাৰ বাবে নাডাই তেওঁক অস্থায়ীভাৱে নিলম্বিত কৰিছে। নাডাৰ তৰফৰ পৰা জনোৱা মতে হিমাই ১ বছৰত ৩ বাৰ থকাৰ নিয়ম উলংঘা কৰিছে। যাৰ বাবে ২বছৰৰ বাবে খেল খেলিব নোৱাৰিব হিমাই। ইতিমধ্যে হিমাই ৰাষ্ট্ৰীয় শিবিৰ ত্যাগ কৰিছে। এই শাস্তিৰ পৰিমাণ হ্ৰাস হৈ ১ বছৰ হ'ব পাৰে।