হিমাৰ সাফল্য: ধিং এক্সপ্ৰেছ হিমা দাসে আজুৰিলে সোণৰ পদক...

Hima Das wins Gold in National Inter-State athletics

দীৰ্ঘদিনৰ বিৰতিৰ পাছত পুনৰ হিমাৰ জয়যাত্ৰা। ৰাষ্ট্ৰীয় পৰ্যায়ত অসম কন্যা হিমা দাসৰ সাফল্য। ২ বছৰৰ বিৰতিৰ অন্তত সোণৰ পদক জয়ৰে জিলিকিল হিমা দাস।

 

৬১তম নেশ্যনেল ইণ্টাৰ ষ্টেট চিনিয়ৰ এথলেটিকছ চেম্পিয়নশ্বিপত মহিলাৰ ১০০ মিটাৰ দৌৰত হিমাৰ সফলতা। দুবাৰৰ এচিয়ান গেমছৰ স্বৰ্ণ বিজয়ী হিমা দাসে ঘৰলৈ পুনৰ আনিলে স্বৰ্ণ পদক। শনিবাৰে, চেন্নাইত অনুষ্ঠিত হোৱা ইণ্টাৰ ষ্টেট চিনিয়ৰ এথলেটিকছ চেম্পিয়নশ্বিপত দুতি চান্দক হৰুৱাই বিজয়ী হ'ল অসম কন্যা হিমা দাস। ১১.৪৩ ছেকেণ্ডেৰে অভিলেখ গঢ়িলে হিমাই।

Category
Profile picture for user UB Photos