গুৱাহাটীত উপস্থিত হৈ কমনৱেলথৰ অভিজ্ঞতাৰ বিষয়ে কি ক’লে হিমা দাসে?

Hima Das

প্ৰতিটো মাইক্ৰ চেকেণ্ডৰ মূল্য বহুত বেছি ! হিমাক কমনৱেলথ গেমছে শিকালে সময়ৰ মূল্য কি ৷ কমনৱেলথ গেমছত অংশ গ্ৰহণ কৰা অৰ্জুন হিমা দাসে গুৱাহাটীত উপস্থিত হৈ সম্বোধন কৰে সংবাদমেল। কমনৱেলথ গেমছৰ অভিজ্ঞতা প্ৰকাশ হিমা দাসৰ।

আঘাট, কভিদৰ ভয়াবহ পৰিবেশৰ দুটা বছৰৰ পিছত খেলিছে হিমা দাসে ৷ কমনৱেলথত ফাইনেল পাবলৈ সক্ষম নহ’ল যদিও অভিজ্ঞতা বহুত হ’ল হিমাৰ। ৰিলেত ৫ নম্বৰ স্থানত আছিল হিমাৰ দল। হিমাৰ বাবে প্ৰতিখন খেলেই গুৰুত্বপূৰ্ণ ৷ হিমাৰ বাবে জিলা ভিত্তিক খেলখনো অলিম্পিকৰ দৰেই গুৰুত্বপূৰ্ণ ৷

২০১৮ চনৰ পিছত ভাল খেল খেলিব নোৱাৰাৰ বাবে সমালোচনাৰে থকা সৰকা হৈছিল হিমা দাস। এই সমালোচনাৰ প্ৰত্যুত্তৰ হিমাৰ। হিমাৰ মন্তব্য মই কেতিয়াও শেষ হৈ নাজাও, মই দুৰ্বল নহয়। 

এতিয়া কেইদিনমানৰ বাবে পৰিয়ালৰ সৈতে সময় কটাব অৰ্জুন হিমা দাসে। তাৰ পাছত পুনৰ অনুশীলনত ব্যস্ত হৈ পৰিব ধিং এক্সপ্ৰেছ হিমা। 

Category
Profile picture for user UB Photos