Wrestling

বৃহস্পতিবাৰে ভাৰতীয় মল্লযুঁজ ফেডাৰেচনৰ নতুন সভাপতি হিচাপে সঞ্জয় সিঙক নিৰ্বাচিত কৰা হয়। বছৰৰ আৰম্ভণিতে কেইবাবাৰো নিৰ্বাচন স্থগিত ৰখাৰ পিছত ২১ ডিচেম্বৰ বৃহস্পতিবাৰে অনুষ্ঠিত হৈছিল ভাৰতীয় মল্লযুঁজ ফেডাৰেচনৰ নিৰ্বাচন। 

উল্লেখ্য যে, WFI নিৰ্বাচনত সঞ্জয় সিঙৰ এটা পেনেলে ৪০টা ভোটত জয়লাভ কৰাৰ বিপৰীতে আনটো পেনেলে ৭টা ভোট লাভ কৰে। এই ঘোষণাৰ পিছতে মল্লযুঁজাৰু সাক্ষী মালিকে মল্লযুঁজৰ পৰা বাদ দিয়াৰ সিদ্ধান্ত লয়।