Beet Juice

বীটৰুট হৈছে আটাইতকৈ স্বাস্থ্যকৰ শাক-পাচলিবোৰৰ ভিতৰত এবিধ।

পুষ্টিৰে ভৰপূৰ হোৱাৰ লগতে ইয়াৰ আছে কেইবাটাও স্বাস্থ্যৰ উপকাৰিতা। এটা শেহতীয়া অধ্যয়নত প্ৰকাশ পাইছে যে দৈনিক এগিলাচ বীটৰ ৰস খালে কৰোনেৰী হৃদৰোগত আক্ৰান্ত ব্যক্তিসকলৰ যথেষ্ট সহায়ক হ'ব পাৰে।

মানচেষ্টাৰত ব্ৰিটিছ কাৰ্ডিওভাস্কুলাৰ চছাইটিৰ সভাত উপস্থাপন কৰা অধ্যয়নটোত কোৱা হৈছে যে এগিলাচ বীটৰ ৰসে ৰক্তনলীত প্ৰদাহৰ লক্ষণবোৰ হ্ৰাস কৰাত সহায় কৰে, যি হৃদযন্ত্ৰৰ সমস্যা থকা ব্যক্তিৰ ক্ষেত্ৰত অধিক হোৱা দেখা যায়।