Hyundai Car Dealer

এবস্তা, দুবস্তা নহয়, মুঠ দহ বস্তা খুচুৰা পইছা লৈ গাড়ী ক্ৰয় কৰিবলৈ আহিল এজন গ্ৰাহক। 

লখিমপুৰত এজন গ্ৰাহকে দহ বস্তা খুচুৰা পইচা আনিলে গাড়ী ক্ৰয় কৰিবলৈ।

দহ বস্তা এটকীয়া, দুটকীয়া আৰু ৫ টকীয়া কইনচ্ হিচাপ কৰি কৰি বাগৰি পৰিছে লখিমপুৰৰ হুণ্ডাই ডিলাৰৰ কৰ্মচাৰী।

ধেমাজিৰ গোগামুখৰ ৰঞ্জিত চাহু নামৰ গেলামালৰ দোকানী জনে বিগত কেবাবছৰ ধৰি গোটাই ৰাখিছিল খুচুৰা পইছা সমূহ। সপোন দেখিছিল এই সমূহৰে এখন বিলাসী বাহন ক্ৰয় কৰাৰ।