এবস্তা, দুবস্তা নহয়, মুঠ দহ বস্তা খুচুৰা পইছা লৈ গাড়ী ক্ৰয় কৰিবলৈ আহিল এজন গ্ৰাহক! ক'ত চাওঁক

car buy

এবস্তা, দুবস্তা নহয়, মুঠ দহ বস্তা খুচুৰা পইছা লৈ গাড়ী ক্ৰয় কৰিবলৈ আহিল এজন গ্ৰাহক। 

লখিমপুৰত এজন গ্ৰাহকে দহ বস্তা খুচুৰা পইচা আনিলে গাড়ী ক্ৰয় কৰিবলৈ।

দহ বস্তা এটকীয়া, দুটকীয়া আৰু ৫ টকীয়া কইনচ্ হিচাপ কৰি কৰি বাগৰি পৰিছে লখিমপুৰৰ হুণ্ডাই ডিলাৰৰ কৰ্মচাৰী।

ধেমাজিৰ গোগামুখৰ ৰঞ্জিত চাহু নামৰ গেলামালৰ দোকানী জনে বিগত কেবাবছৰ ধৰি গোটাই ৰাখিছিল খুচুৰা পইছা সমূহ। সপোন দেখিছিল এই সমূহৰে এখন বিলাসী বাহন ক্ৰয় কৰাৰ।

সেইহেতুকে সোমবাৰে লখিমপুৰৰ মেনড'না হুণ্ডাই ডিলাৰত বন্ধুৰ সৈতে লৈ আহিল এই সমূহ খুচুৰা পইচাৰ বস্তা। ১০ বস্তাত আছে মুঠ ৯৫ হেজাৰ টকা। এই খিনি আগধন দি ক্ৰয় কৰিলে গ্ৰেণ্ড i10 বাহন। সপোনৰ বাহন খন ক্ৰয় কৰি আনন্দিত ৰঞ্জিত চাহু নামৰ যুৱক জন।

পিছে মনকৰিবলগীয়া কথা যে ডিলাৰ খনৰ ১০/১২ জন কৰ্মচাৰী বাকী কাম বাদ দি নিশালৈকে খুচুৰা পইছাৰ হিচাপত আছিল ব্যস্ত।

Category