S B Deora College

গুৱাহাটীৰ এছ বি দেওৰা মহাবিদ্যালয়ৰ এগৰাকী ২০ বছৰীয়া ছাত্ৰী যোৱা ৩০ এপ্ৰিলৰ পৰা সন্ধানহীন হৈ আছে।

বাতৰি অনুসৰি, মহানগৰীৰ লাখটকিয়াৰ পৰা অহা পাৰ্বিন আহমেদ নামৰ ছাত্ৰীগৰাকীয়ে ৩০ এপ্ৰিলত মহাবিদ্যালয়লৈ ৰাওনা হৈছিল।

শেষবাৰৰ বাবে তাই তাইৰ মাকৰ সৈতে ফোনত কথা পাতিছিল। তাৰ পিছত আৰু কোনো সন্ধান পোৱা হোৱা নাই। অভিভাৱকসকলে পানবজাৰ আৰক্ষী থানাত সন্ধানহীন ব্যক্তিৰ অভিযোগ দাখিল কৰিছে।