Peshawar

পাকিস্তানত পোহৰলৈ আহিছে সংখ্যালঘুক আক্ৰমণৰ অন্য এক ঘটনা। সন্ত্ৰাসজৰ্জৰ পাকিস্তানত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ বলি শিখ ধৰ্মাৱলম্বী লোক। ১৫ মে’ তাৰিখ দেওবাৰে পাকিস্তানৰ পেছোৱাৰত দুই শিখ ব্যৱসায়ীলৈ লক্ষ্য কৰি গৰজিল সন্ত্ৰাসবাদীৰ গুলী।

দেওবাৰে, পাকিস্তানৰ উত্তৰ-পশ্চিম অঞ্চলৰ খাইবাৰ পাখটুনখুৱা প্ৰদেশত অচিনাক্ত বন্দুকধাৰী লোকে গুলীয়াই হত্যা কৰে দুজন ব্যৱসায়ীক। নিজৰ দোকানতে বহি থকাৰ সময়তে বাইকত অহা দুই দুৰ্বৃত্তই নিৰ্মমভাৱে গুলীয়াই হত্যা কৰে শলজীৎ সিং আৰু ৰঞ্জিত সিং নামৰ ব্যৱসায়ী দুজনক।