Bandhan Bank

বন্ধন বেংকে আজি অসম চৰকাৰৰ পৰা ই-জিআৰএছ পৰ্টেলত ৰাজহ সংগ্ৰহ কৰাৰ বাবে অনুমতি লাভ কৰাৰ কথা ঘোষণা কৰিছে। ইয়াৰ দ্বাৰা অসমৰ লোকসকলে চৰকাৰৰ জি আৰএচ পোৰ্টেলৰ মাধ্যমেৰে কৰ আৰু অন্যান্য পেমেন্ট কৰিবলৈ সক্ষম হ’ব ৷ ইয়াৰ জৰিয়তে অসমৰ মানুহৰ বাবে লেনদেন সহজ, কাগজবিহীন আৰু সুলভ হৈ পৰিব। বন্ধন বেংকে শীঘ্ৰেই অসম চৰকাৰৰ সৈতে একত্ৰিত হৈ কৰ সংগ্ৰহ সংক্ৰান্ত প্ৰক্ৰিয়া কাৰ্যকৰী কৰিব ৷