Assam Silk

ঢকুৱাখনাৰ ৰেচম শিল্পৰ এক সুকীয়া আসন আছে। ইয়াৰ সমান্তৰালভাৱে গ্ৰামাঞ্চলটো ইয়াৰ যথেষ্ট প্ৰভাৱ দেখিবলৈ পোৱা যায়। ঢকুৱাখনাত বহু প্ৰাচীন কালতেই মুগা শিল্পটো গঢ় লৈ উঠিছিল। মুগা খেতি কৰিয়েই বহু কৃষকে  স্বাৱলম্বীতাৰ পথ বিচাৰি পাইছে ৷

যিটো সময়ত ৰাজ্যৰ হাজাৰ-হাজাৰ কৃষকে কৰ্মসংস্থাপনৰ অভাৱত হা-হুমনিয়াহ কাঢ়ি ফুৰিব লগা হৈছে, ঠিক তেনে সময়তে ঢকুৱাখনাৰ একাংশ কৃষকে গ্ৰহণ কৰিছে এক ইতিবাচক প্ৰদক্ষেপ। বছৰ বছৰ ধৰি কেৱল মুগা পালনৰ যোগেদি সোণ-সেৰীয়া জীৱনৰ সপোন ৰচিছে ঢকুৱাখনাৰ বহু কৃষক পৰিয়ালে ৷