
ঢকুৱাখনাৰ ৰেচম শিল্পৰ এক সুকীয়া আসন আছে। ইয়াৰ সমান্তৰালভাৱে গ্ৰামাঞ্চলটো ইয়াৰ যথেষ্ট প্ৰভাৱ দেখিবলৈ পোৱা যায়। ঢকুৱাখনাত বহু প্ৰাচীন কালতেই মুগা শিল্পটো গঢ় লৈ উঠিছিল। মুগা খেতি কৰিয়েই বহু কৃষকে স্বাৱলম্বীতাৰ পথ বিচাৰি পাইছে ৷
যিটো সময়ত ৰাজ্যৰ হাজাৰ-হাজাৰ কৃষকে কৰ্মসংস্থাপনৰ অভাৱত হা-হুমনিয়াহ কাঢ়ি ফুৰিব লগা হৈছে, ঠিক তেনে সময়তে ঢকুৱাখনাৰ একাংশ কৃষকে গ্ৰহণ কৰিছে এক ইতিবাচক প্ৰদক্ষেপ। বছৰ বছৰ ধৰি কেৱল মুগা পালনৰ যোগেদি সোণ-সেৰীয়া জীৱনৰ সপোন ৰচিছে ঢকুৱাখনাৰ বহু কৃষক পৰিয়ালে ৷
উল্লেখ্য যে, নিৰ্মল কোঁচ, ৰঞ্জিত বৰুৱা আৰু প্ৰদীপ বৰুৱাই কড়াঘাট চাৰিআলিৰ পেচকা চাপৰিত প্ৰায় ২-৩ বিঘা মাটিত মুগা পালন কৰি দেখুৱাইছে স্বাৱলম্বীতাৰ নিৰ্দশন । আজি বহু বছৰ গভীৰ ঘাট-প্ৰতিঘাত আৰু কঠোৰ পৰিশ্ৰমৰ মাজেৰে মুগা পালন কৰি বছৰেকত গড় হিচাপত ৯০ হাজাৰৰ পৰা এক লাখ ( ১, ০০,০০০) উপাৰ্জন কৰিবলৈ সক্ষম হৈছে।
ইপিনে কৃষিভিত্তিক অসমে যদি আজি বিশ্বৰ বজাৰত নিজৰ চিনাকি দিবলৈ সক্ষম হৈছে সেয়া নিঃসন্দেহে মুগা শিল্পৰ বাবে। অসমীয়া মুগা মেখেলা চাদৰৰ আদৰ ইমানেই আছে যে এতিয়া বিশ্বৰ বিভিন্ন প্ৰান্তৰ লোকে এইসমূহ বস্ত্ৰৰ প্ৰতি ক্ৰমাৎ আগ্ৰহ বৃদ্ধি পাইছে।
বিশ্বৰ বিভিন্ন দেশত অসমৰ একাংশ উদ্দ্যমী মহিলাই মুগা বস্ত্ৰৰ ফেশ্বন স্ব’ আয়োজন কৰি এই সমূহ বস্ত্ৰক যেন বিশ্ববাসীৰ আগত চিনাকি কৰি দিবলৈ সক্ষম হৈছে আৰু ইয়াৰ বাবেই অসমৰ এই পৰম্পৰাগত শিল্পই বিশেষ মাত্ৰা লাভ কৰিছে।
যিহেতু অসমৰ মুগা শিল্প এটা কৃষিভিত্তিক কুটীৰ শিল্প আৰু ইয়াৰ ওপৰত অসমৰ চহা ৰাইজৰ অৰ্থ-সামাজিক দিশটো বহু পৰিমাণে নিৰ্ভৰ কৰে। কাৰণ ঢকুৱাখনাৰ জলবায়ু ৰেচম শিল্পৰ বাবে উপযোগী হোৱাৰ বাবেই মুগা উপাদনত ৰাজ্যেৰ ভিতৰত উল্লেখযোগ্য স্থান দখল কৰি আহিছে ঢকুৱাখনাই।
সোণালী সূতাৰ দেশ হিচাপে খ্যাত, ৰেচম শিল্পত চহকী ঢকুৱাখনাৰ শ-শ পৰিয়ালে অতীজৰে পৰা মুগা পালনত জড়িত হৈ নিজকে স্বাৱলম্বী কৰি তোলাই নহয় টনকিয়াল কৰিছে আহিছে ৰাজ্যৰ গ্ৰাম্য অৰ্থনীতিৰ ভেটি।
- Log in to post comments