Covid New Variant

আলফা, ডেল্টা, অমিক্ৰন। মানৱ সমাজৰ সুস্থিৰ গতিক স্থবিৰ কৰি মানুহৰ জীৱনত প্ৰৱেশ কৰিলে গ্ৰীক আখৰৰ এইকেইটা শব্দই। ২০১৯ চনতে চীনত উদ্ভাৱন হোৱা ক’ভিড-১৯এ জনজীৱন স্তব্ধ কৰি তোলাই নহয়, এই ভাইৰাছে মানুহৰ মাজত দুবছৰতকৈ অধিক সময় ধৰি সৃষ্টি কৰিছে ত্ৰাসৰ। কিয়নো ক’ভিড-১৯ৰ কি নতুন প্ৰজাতি আহিব, সেয়া কোনেও আগতীয়াকৈ গম ল’ব নোৱাৰে।