Covid Updates In India

দেশত ক্ৰমান্বয়ে হ্ৰাস পাব ধৰিছে কৰোনাৰ সংক্ৰমণ।

বিগত ২৪ ঘণ্টাত দেশত নতুনকৈ কৰোনাৰ আক্ৰান্ত হৈছে ২ লাখ ৫১ হাজাৰ ২০৯ গৰাকী লোক। এই পৰ্যন্ত দেশত সক্ৰিয় কৰোনা ৰোগীৰ সংখ্যা হৈছে ২১ লাখ ৫ হাজাৰ ৬১১ গৰাকী।

একে সময়তে দেশত কৰোনত আক্ৰান্ত ৬২৭ গৰাকী লোকৰ মৃত্যু হৈছে। বিগত ২৪ ঘণ্টাত ভাৰতত আৰোগ্য হৈছে ৩ লাখ ৪৭ হাজাৰ ৪৪৩ গৰাকী লোক।

উল্লেখ্য যে বিগত কেইদিনমান ধৰি আৰোগ্যৰ হাৰ আক্ৰান্তৰ হাৰতকৈ অধিক, যিটো নিশ্চয়কে এক ভাল সংকেত বুলিব পাৰি।

আনহাতে, বৰ্তমান ভাৰতৰ দৈনিক পজিটিভিটী হাৰ হৈছে  ১৫.৮৮ শতাংশ।