CDS General Bipin Rawat

গৃহ মন্ত্ৰালয়ৰ প্ৰেছ জাননী অনুসৰি, উত্তৰ-পূবৰ ছয়গৰাকী বিশিষ্ট ব্যক্তিয়ে এই বছৰ পদ্মশ্ৰী বঁটা লাভ কৰিব। 

মঙলবাৰে ভাৰতৰ ৭৩ সংখ্যক গণতন্ত্ৰ দিৱসৰ প্ৰাকমুহূৰ্তত এই কথা ঘোষণা কৰা হয়। 

তথ্য অনুসৰি, অসমৰ শকুন্তলা চৌধুৰী আৰু ধনেশ্বৰ ইংটি, মণিপুৰৰ লৌৰেম্বাম বিনো দেৱী আৰু মুক্তামণি দেৱী, নাগালেণ্ডৰ টি চেংকা আও আৰু ছিকিমৰ খাণ্ডু ৱাংচুক ভূটিয়াই লাভ কৰিব এই বঁটা।

সমাজলৈ আগবঢ়োৱা অৱদানৰ বাবে অসমৰ শকুন্তলা চৌধুৰীয়ে এই সন্মান লাভ কৰিব। তদুপৰি, টি চেংকা আও, বিনো দেৱী আৰু ভুটিয়াক কলা ৰ ক্ষেত্ৰত তেওঁলোকৰ অৱদানৰ বাবে বাছনি কৰা হৈছে।