doctorate Degree

কটন বিশ্বিবদ্যালয়ৰ ইতিহাসত নাম খোদিত হ’ল মাজুলীৰ এগৰাকী সম্ভাৱনাপূৰ্ণ গৱেষক উৎপল নাৰায়ণ গোস্বামীৰ। কটন বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰথম গৰাকী ডক্টৰেট হিচাপে গৌৰৱ কঢ়িয়ালে উৎপল নাৰায়ণ গোস্বামীয়ে।

২০১৭ চনৰ পৰা আৰম্ভ হোৱা পি এইচ ডি পাঠ‍্যক্ৰমত ডক্টৰেট ডিগ্ৰী লাভ কৰে গোস্বামীয়ে। ‘অসমৰ কালসংহতিৰ সত্ৰসমূহত উদযাপিত উৎসৱ-পাবৰ্ণঃ এক বিশ্লেষণাত্মক অধ‍্যয়ন’ শীৰ্ষক বিষয়ত ডক্টৰেট ডিগ্ৰী গোস্বামীৰ। কটন বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক ডঃ কাকলি গগৈৰ তত্ত্বাৱধানত গৱেষণা কৰি লাভ কৰে ডক্টৰেট ডিগ্ৰী।