Advanced Traffic Light System

যান-বাহন কাৰ্যকৰীভাৱে নিয়ন্ত্ৰণ কৰাৰ বাবে গুৱাহাটী চহৰৰ ১০২টা স্থানত এক কৃত্ৰিম বুদ্ধিমত্তা (এআই) সক্ষম উন্নত ট্ৰেফিক চিগনেল প্ৰণালী স্থাপন কৰা হ'ব।

গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী অশোক সিংঘলৰ মতে ৰাজ্য চৰকাৰে সমগ্ৰ চহৰখনত এক সংহত যান-বাহন ব্যৱস্থাপনা প্ৰণালী (আইটিএমএছ) স্থাপনৰ প্ৰক্ৰিয়া অনুসৰণ কৰিছিল আৰু প্ৰকল্পটোৰ বাবে ২০-২৫ দিনৰ ভিতৰত নিবিদা আহ্বান কৰা হ'ব।

নতুন এআই-সক্ষম প্ৰণালীয়ে যান-বাহন উলংঘনকাৰীসকলক এছ.এম.এছ.-ৰ জৰিয়তে জাননী দিয়াৰ পিচতে উচিত ব্য়ৱস্থা লব।