উত্তৰ প্ৰদেশৰ মুৰাদাবাদ জিলাৰ আৰক্ষীয়ে দুৰ্ঘটনা ৰোধৰ বাবে ট্ৰেফিক আইন উলংঘা কৰাসকলক জৰিমনাৰ পৰিৱৰ্তে কৰিছে বিশেষ শাস্তিৰ ব্যৱস্থা। এই শাস্তি বহু লোকৰ বাবে জৰিমনাৰ টকাতকৈও অধিক যন্ত্ৰণাদায়ক হৈ পৰিছে।
অলপতে মোৰাদাবাদ আৰক্ষীয়ে এদিনতে ৬০০ৰো অধিক ট্ৰেফিক নিয়ম উলংঘা কৰা লোকক আটক কৰিছিল কিন্তু আটক কৰাৰ পাছত আৰক্ষীয়ে তেওঁলোকক জৰমনা নিবিহিলে, চালানো নাকাটিলে, তাৰ পৰিৱৰ্তে ট্ৰেফিক আইন উলংঘা কৰাসকলক এটা প্ৰেক্ষাগৃহলৈ নি চাবলৈ দিলে ৩ ঘণ্টাৰ এখন দীঘলীয়া চিনেমা। এই চিনেমাখনত ট্ৰেফিক নিয়মৰ বিষয়ে আছে সকলো কথা। নিয়ম নামানিলে কেনেকৈ দুৰ্ঘটনা হয় সেয়াও দেখুওৱা হৈছে চিনেমাখনত।