Indira gandhi

আজি দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ মৃত্যু দিন। ভাৰতৰ আইৰণ লেডী হিচাপে পৰিচিত ইন্দিৰা গান্ধী আছিল ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী। ১৯৮৪ চনৰ ৩১ অক্টোবৰত ভাৰতৰ জাতীয় কংগ্ৰেছৰ নেত্ৰীগৰাকীক নৃশংসভাৱে গুলীয়াই হত্যা কৰা হৈছিল।

১৯১৭ চনৰ ১৯ নৱেম্বৰত পণ্ডিত জৱাহৰলাল নেহৰু আৰু কমলা নেহৰুৰ ঔৰষত জন্মগ্ৰহণ কৰিছিল ইন্দিৰা গান্ধীয়ে। সৰুৰে পৰা ৰাজনৈতিক পৰিৱেশত ডাঙৰ হোৱা ইন্দিৰা গান্ধী, ১৯৬৬ চনত হৈছিল দেশৰ প্ৰধানমন্ত্ৰী। তেতিয়াৰ প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰীৰ আকস্মিক বিয়োগৰ পিছতে প্ৰধানমন্ত্ৰীত্বৰ দায়িত্ব লৈছিল ইন্দিৰাই।