Stop Human Trafficking

উৰিষ্যাৰ এগৰাকী নাবালকে তেওঁৰ নৱবিবাহিতা পত্নীক ৰাজস্থানত স্মাৰ্টফোনৰ বাবে এজন ৫৫ বছৰীয়া ব্যক্তিৰ হাতত বিক্ৰী কৰে।

খবৰ অনুসৰি, উৰিষ্যাৰ চুলেকেলা গাঁৱৰ ৰাজেশ ৰাণা বুলি চিনাক্ত কৰা ১৭ বছৰীয়া কিশোৰজনে তেওঁৰ ২৬ বছৰীয়া পত্নীক ১.৮০ লাখ টকাত বিক্ৰী কৰিছিল,

জানিব পৰা মতে মাত্ৰ দুমাহ আগতে কিশোৰজনে মহিলাগৰাকীক বিয়া কৰাইছিল।

আৰক্ষীৰ প্ৰতিবেদন অনুসৰি, ৰাণা ছ'চিয়েল মিডিয়াৰ জৰিয়তে মহিলাগৰাকীৰ সংস্পৰ্শলৈ আহিছিল আৰু দুয়োৰে মাজত প্ৰেমৰ সম্পৰ্ক গঢ় লৈ উঠিছিল। ইয়াৰ পিছত তেওঁলোকে পৰম্পৰাগত ভাৱে দুমাহ আগতে বিবাহপাশত আৱদ্ধ হয়।